বেয়া মানুষের অভাৱ নাই কিন্তু ভাল মানুহৰ অভাৱ।সেই ভাল মানুহৰ তালিকাত কোন কোন আছে।আপুনি বা মই আছোঁনে ?এইটো কথা কোৱা সহজ নহ’ব।ভাল মানুহ মানেই কেৱল দানীসকলক নহয়।ভাল মানুহ হ’বলৈ বহুত গুণ লাগিব।ধন নাথাকিলেও নিজৰ গুণেৰে ভাল বুলি পৰিচয় দিব পাৰিব।
ভাল মানুহ হ’বলৈ প্ৰথমতে মানুহক ভাল পাবলৈ শিকিব লাগিব।তেওঁ ধনী নে দুখীয়া সেইটো দিশ গুৰুত্ব দিয়াৰ বিপৰীতে তেওঁৰ কৰ্মৰাজী আৰু বহল হৃদয়খনক চিনি পাব লাগিব।অজ্ঞানীজনক জ্ঞান দিয়াৰ চেষ্টা,অসহাজনক সহায় কৰিব নোৱাৰিলেও মনোবল দিয়াৰ লগতে ওচৰত সাহস হৈ থিয় দিব লাগিব।
কিছুমান দুখ টকাই কমাব নোৱাৰে।এজন ভাল মানুহৰ সান্নিধ্য পালে দুখবোৰ কম হোৱা যেন অনুভৱ হয়।কিয়নো ভাল মানুহবোৰ ঈশ্বৰৰ সন্তান হয়।
ভাল মানুহ হ’বলৈ ধৰ্মত উবুৰি খাই পৰিব নালাগে।প্ৰতিদিনে ভগৱানক এবাৰ স্মৰণ কৰিলে মন মগজুত শান্তিয়ে আহি বসবাস কৰে।কেতিয়াবা কিছুমান মানুহক ভাল বুলি ভাবি আমি ভুল কৰোঁ কিয়নো তেওঁলোকৰ মুখৰ আঁৰৰ মুখাখন চিনিবলৈ কঠিন হৈ থাকে।সেয়ে মানুহৰ মুখ চাই বিশ্বাস ঢালি নিদিব ,নিজৰ ভুলৰ বাবে নিজেই কষ্ট খাবলগীয়া হ’ব পাৰে।
এতিয়া দেখোন পৃথিৱীখনত বিভিন্ন ৰঙৰ মানুহ দেখিবলৈ পোৱা হ’লোঁ।আনকি আই-পিতাই বুলি ভগৱানৰ স্থান দিয়া দুজনেও নিজৰ সন্তানক এৰি গুচি যায়।সেয়ে আমি নিজেই নিজক মানুহ কৰিব লাগিব।
কাৰো ওপৰত ভৰসা কৰি অমূল্য সময় শেষ কৰাৰ প্ৰয়োজন নাই।ভাল শব্দটো নিজৰ হাতৰ মুঠিত থাকে।সেয়ে নিজৰ হাতৰ মুঠি খোলোঁতে সদায় সঠিক স্থান ব্যৱহাৰ কৰিব লাগে ।

কল্যাণী ডেকা”(নলবাৰী)
Views: 208
Related